Show/Hide Keyboard Layout

আনৰ কাৰণে জীৱন শলিতা

- ভূপেন হাজৰিকা

আনৰ কাৰণে জীৱন শলিতা

কিমান জ্বলাবা আৰু

আৰু কিমান বাকী আছে ।

 

আনৰ কাৰণে কলিজাৰ তেজ

কিমান ঢালিবা আৰু

আৰু কিমান বাকী আছে ।

 

নিজৰ কাৰণে ভাবিবলে’ আহৰি

নাই নাই নাই তোমাৰ

সোঁৱৰালোঁ শতবাৰ

প্ৰতি উষা শোণিতেৰে

কত পট আঁকা

সেই পটে তোমাকে, নিঃশেষ কৰি নাচে ।

 

আনৰ কাৰণে কলিজাৰ ৰং

কিমান ঢালিবা আৰু

আৰু কিমান বাকী আছে । 

Hits: 2242